Posts

নলবাৰীৰ বিশিষ্ট সাংবাদিক-কবি প্ৰদীপ কুমাৰ বৰ্মনক অসম সাহিত্য বঁটা ২০১৮ প্ৰদান

Image
নলবাৰী জিলাৰ বালিকৰিয়া গাঁৱৰ বাসিন্দা বিশিষ্ট  সাংবাদিক তথা কবি প্ৰদীপ কুমাৰ বৰ্মনক দেওবাৰে সাহিত্যসেৱী নৃপেন্দ্ৰ নাথ ভাগৱতীৰ সভাপতিত্বত আৰু মদন চন্দ্ৰ মেধিয়ে  আঁত ধৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গুৱাহাটী  নুনমাটি শাখা সাহিত্য সভাই 'অসম সাহিত্য বঁটা 'প্ৰদান কৰে।উল্লেখ্য যে নুনমাটি শাখা সাহিত্য সভাই পূৰ্বৰেপৰা বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শীতা দেখুওৱা লোকক  এনেদৰে বটাঁ প্ৰদান কৰি আহিছে। সাহিত্যৰ দিশত অৰিহণা যোগোৱাৰ বাবে প্ৰদীপ কুমাৰ বৰ্মনক এই বঁটা প্ৰদান কৰা হৈছে।সাহিত্যসেৱী, সাংবাদিক প্ৰদীপ কুমাৰ বৰ্মনে অসম সাহিত্য বঁটা লাভ কৰি সমগ্ৰ নলবাৰী জিলাৰ লগতে জন্ম গাঁও বালিকৰিয়ালৈ যি সন্মান কঢিয়াই আনিলে সেই ক্ষেত্ৰত নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মা, নলবাৰী জিলা সাহিত্য সভা, বালিকৰিয়া শাখা সাহিত্য সভা, বালিকৰিয়া বাসুদেৱ দেৱালয় সমিতি, আছু, যুৱ-ছাত্ৰ পৰিষদসহ বিভিন্ন দল-সংগঠনে শুভেচ্ছা জ্ঞাপন কৰিছে।